অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মুকলি অনুষ্ঠান...মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে আঁচনিখন

Описание к видео অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মুকলি অনুষ্ঠান...মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে আঁচনিখন

অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মুকলি অনুষ্ঠান। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে আঁচনিখন। আঁচনি মুকলি কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য-
‘সকলো আঁচনিৰ ভিতৰত সবাতোকৈ শক্তিশালী আঁচনি অৰুণোদয়’
‘আজি ২৪.৬০ লাখ পৰিয়ালে প্রতিমাহৰ ১০ তাৰিখে বেংক একাউণ্টযোগে ধন লাভ কৰি আছে’
‘প্রতিটো সমষ্টিত গড়ে ১০ হাজাৰ অৰুণোদয় আঁচনি প্রদানৰ সুবিধা’
‘অৰুণোদয় ৩.০ৰ জৰিয়তে সকলো ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালৰ আধাৰ সংলগ্ন কৰা হ’ব’
‘ৰেচন কাৰ্ডৰ সৈতে অৰুণোদয় সংলগ্ন কৰা হ’ব’
‘ৰাজ্যৰ ১৯ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্রদানৰ ব্যৱস্থাৰ আৰম্ভ কৰা হ’ব’
‘অৰুণোদয়ৰ সুবিধা লাভ কৰিবলৈ ৰেচন কাৰ্ড বাধ্যতামূলক’
‘বাৰ্ষিক উপাৰ্জন ৪ লাখতকৈ কম হ’লে ৰেচন কাৰ্ড লাভ
কৰিব’
‘চৰকাৰী চাকৰি নথকা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড’
‘চাৰিচকীয়া বাহন থকা লোকসকলেও নাপাব অৰুণোদয় ৩.০ ৰ সুবিধা’
‘অৰুণোদয় পাবলৈ ৰেচন কাৰ্ড থাকিব লাগিব’
‘বিধৱা মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনি’
‘যদি কোনো পৰিয়ালত ৪৫ বছৰৰ ওপৰত অবিবাহিতা ছোৱালী থাকিলে পাব অৰুণোদয়’
‘বিবাহ বিচ্ছেদ হোৱা মহিলাই লাভ কৰিব অৰুণোদয়’
‘কাৰোবাৰ ঘৰত যদি ৩য় লিংগৰ ব্যক্তি আছে সেই পৰিয়ালেও পাব অৰুণোদয়’
‘দিব্যাংগ ব্যক্তি থকা পৰিয়ালেও লাভ কৰিব অৰুণোদয়’
‘চৰকাৰী বৃদ্ধাশ্রমত থকা আইতাসকলেও লাভ কৰিব অৰুণোদয়’
‘পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ২ লাখ টকাতকৈ কম হ’লে লাভ কৰিব অৰুণোদয়’



#PratidinTime #assam #HimantaBiswaSarma #Arunodoi

Комментарии

Информация по комментариям в разработке