Bihudin Bokulor Gondh Powa Nai (বহুদিন বকুলৰ গোন্ধ পোৱা নাই) - by Birendra Nath Dutta.

Описание к видео Bihudin Bokulor Gondh Powa Nai (বহুদিন বকুলৰ গোন্ধ পোৱা নাই) - by Birendra Nath Dutta.

Assamese song of Birendra Nath Dutta /Lyrics by Taffazul Ali /Melody by Birendra Nath Dutta /Lyrics of the song :

বহুদিন বকুলৰ গোন্ধ পোৱা নাই
বহুদিন বকুলৰ মালা গঁথা নাই
বকুল তলত বহি বহুদিন বালিঘৰ 
সজা হোৱা নাই..!
বহুদিন বকুলৰ গোন্ধ পোৱা নাই
বহুদিন বকুলৰ মালা গঁথা নাই..।।

বকুলৰ কথা ক'লে
বহুতো চিনাকী মুখ
চকুৰ আগেদি ভাঁহি যায়.. !

বকুলৰ কথা ক'লে
বহুতো চিনাকী মুখ
চকুৰ আগেদি ভাঁহি যায়.. !
বহুতো পাহৰা গান
বহু মান অভিমান
বকুলেই দিয়ে সোঁৱৰাই..!!
আজি ছাঁ ছবি যেন
চকুত উজলি মোৰ
আজি ছাঁ ছবি যেন
চকুত উজলি মোৰ
থিতাতে লুকায়..!!
বহুদিন বকুলৰ মালা গঁথা নাই...।।

এমুঠি বকুল ফুল
আঙুলি ফাঁকেৰে মোৰ
সৰি সৰি গ'ল..!
বকুলে আকুল কৰা
দিনৰ সুৰভি মোৰ
মাথো সোঁৱৰণী হৈয়ে ৰ'ল..!
কেতিয়াবা নিজানত
নিজৰি নিজৰি সেয়ে
কেতিয়াবা নিজানত
নিজৰি নিজৰি সেয়ে
মন কুমলায়...!!
বহুদিন বকুলৰ মালা গঁথা নাই
বকুল তলত বহি বহুদিন বালিঘৰ
সজা হোৱা নাই..!
বহুদিন বকুলৰ গোন্ধ পোৱা নাই
বহুদিন বকুলৰ মালা গঁথা নাই ।।

গীতিকাৰ : তফজ্জুল আলি
সুৰ ও কণ্ঠ : বীৰেন্দ্ৰনাথ দত্ত
🌿🌼🌿

Комментарии

Информация по комментариям в разработке