Guru Aaxon || গুৰু আসন || Uttar Kamalabari Satra, Majuli.

Описание к видео Guru Aaxon || গুৰু আসন || Uttar Kamalabari Satra, Majuli.

মণিকূটৰ মধ্যভাগত কাঠেৰে নিৰ্মিত যি আসন বা থাপনা পতা হয় তাকে সাধাৰণ অৰ্থত গুৰু আসন বোলা হয়। গুৰু আসন তিনি প্ৰকাৰৰ। সিংহাসন,গৰুড়াসন,ম’ৰাসন। ৰাজহুৱা নামঘৰত সাধাৰণতে সিংহাসনহে প্ৰতিষ্ঠা কৰা হয়। সিংহাসন তিনি খলপাৰ পৰা সাত খলপা পৰ্যন্ত হ’ব পাৰে। সিংহাসনৰ খুড়াবোৰ বিচিত্ৰ ৰূপত খোদিত কৰা হয়। খুড়া চাৰিটাৰ একেবাৰে তলত কাছ,কাছৰ ওপৰত হাতী আৰু হাতীৰ ওপৰত সিংহ কটা থাকে। ওপৰৰ খলপা কেইটাত থকা খুটা কেইটাত হাতী আৰু সিংহ কটা থাকে। সিংহাসনৰ সাতোটা খলপা সপ্ত বৈকুণ্ঠ (ক্ৰমে শ্বেতবিলাস, শান্তনুবিলাস, পুষ্পবিলাস, পঙ্কজ বিলাস, কনক দন্ত, সনাতন আৰু গোলোক)ৰ লগত তুলনা কৰা হয়। আনহাতে খুটাত থকা কাছ ভক্তিৰ প্ৰতীক, হাতী পাপৰ আৰু সিংহ নামৰ প্ৰতীক। কাছই যেনেকৈ তাৰ অংগ খোলাটোৰ ভিতৰত সুমাই ৰাখিব পাৰে, ভক্তইও তেনেকৈ ৰিপু সমূহ অৱদমন কৰিব পাৰে। ভক্তৰ হৃদয়ত কেতিয়াও পাপে প্ৰৱেশ কৰিব নোৱাৰে। কেতিয়াবা পাপ লগ পালে ৰাম নাম প্ৰমত্ত সিংহই পাপ হস্তীক দমন কৰে। সিংহাসনৰ ওপৰৰ খলপাত থকা সৰু ঘৰটিৰ নাম আমহী ঘৰ। এই ঘৰৰ চাৰিওফালে চাৰিটা আৰু ওপৰত এটা কলচি থাকে। আমহী ঘৰৰ তিনিফালে চটে সৈতে কাপোৰেৰে বেৰা থাকে। এই আমহী ঘৰৰ ভিতৰতে আগতে উল্লেখ কৰা গুৰু দুজনা ৰচিত এখনি বিশেষ পুথি বা ভাগৱত প্ৰতিষ্ঠা কৰা হয়। ভাগৱতখন তলে ওপৰে বগা কাপোৰেৰে ঢকা থাকে। আমহী ঘৰটি পূৰ্ণকৃষ্ণ ভগৱন্তৰ স্হান। সিংহাসনত ভাগৱত প্ৰতিষ্ঠা কৰাৰ পিছত ই প্ৰাণৱন্ত হৈ পৰে আৰু তেতিয়াই সেই আসনে গুৰু আসন নাম পাই। থাপনা বা সিংহাসনত দিয়া কাপোৰ বোৰত গাঁৱৰ শিপিনী সকলে বিভিন্ন ৰঙৰ আঁচুৰে ডাঙৰ ডাঙৰ বিচিত্ৰ ফুল,গছ আদি বৈ দিয়ে আৰু মাজে মাজে ঘোষা,পদ আদিও সুন্দৰকৈ বৈ দিয়ে। এই বিচিত্ৰ কাপোৰ বোৰত আৰি দিয়া সোণ ৰূপৰ ফুলবোৰে আকাশত তৰা জিকমিকোৱাৰ দৰে জেউতি চৰায়। এই গুৰু আসনৰ ওপৰত সুন্দৰকৈ চন্দ্ৰতাপ অঁৰা হয় ; চন্দ্ৰতাপৰ চাৰিচুকে চাৰিটা আৰু মাজতে এটা চোঁৱৰ আঁৰি দিয়া হয়। গুৰু আসনৰ সমূখতে নিতৌ পুৱা আৰু সন্ধিয়া এগছি বন্তি জ্বলাই দবা কাঁহ বজোৱা আৰু সন্ধিয়া প্ৰসঙ্গ কৰাটো নামঘৰৰ এটা নিত্য-নৈমিত্তিক কাম। মূল চাকিগছ সকলো সময়তে জ্বলি থাকে। সেয়ে এই বন্তি গছিক ‘অক্ষয় বন্তি’ বুলি কোৱা হয়।

Комментарии

Информация по комментариям в разработке